Shopping cart
₹0.00

Currently customers need to collect their orders from our delivery points

সদ্যহতে ঘিলামৰাৰ পিন ক’ড অৰ্থাৎ ৭৮৭০৫৩ তহে পাকঘৰৰ সেৱা উপলব্ধ হৈছে( অৰ্থাৎ পাকঘৰৰ যোগেদি অৰ্ডাৰ দিবলৈ হ’লে Billing/Customer address ঘিলামৰাৰ হ’ব লাগিব) যদিও সোনকালেই অন্যান্য ঠায়ো সামৰি লোৱা হ’ব।

অৰ্ডাৰ সম্পৰ্কীয় SMS সেৱা কেৱল PAKGHR আই ডিৰ পৰাহে প্ৰাপ্ত হ’ব।

সেৱা সম্পৰ্কীয়(অব্যাহত/ৰদ/বাতিল) সকলো সিদ্ধান্ত তথা কৰ্তৃত্ব পাকঘৰ আৰু ইয়াৰ মালিকপক্ষৰ হ’ব।

Delivery Point Product Type Time
দৈনিক বজাৰ, ঘিলামৰা GOAT MEAT From 3 PM to 5.30 PM
ত্ৰিবেণীপাৰা, ঘিলামৰা CLOTHS, CAKES,Honey For Cake before 8AM
ফুকন চিকেন পাৰ্লাৰ, মইনাপাৰা বা ঘিলামৰা প্ৰিণ্টিং হাউচ(ঘি: তিনিআলি) Chicken

Term & Conditions

১) Pakghar.online এটা খাদ্য,কাপোৰ,কেক অৰ্ডাৰ,আৰু ডেলিভাৰী এপ/ৱেবছাইট যি গ্ৰাহক সুৰক্ষা আইন ২০১৯ আৰু ইমফৰমেচন টেক্‌নলজী,২০০০ৰ ওচৰত দায়বদ্ধ।

২) খাদ্য সুৰক্ষা আইন ২০০৬ৰ মতে ইয়াত দ্ৰব্য হ’ল এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা বস্তু যিটো ধাৰা ৩(১) অন্তৰ্ভুক্ত ।

৩) ইয়াত “আপুনি’’ মানে গ্ৰাহক আৰু ‘আমি’ ‘আমাৰ’ মানে pakghar.online.

৪) আমাৰ কাম হ’ল সাম্প্ৰতিক সময়ত লাইনত থিয় হৈ সময় নষ্ট নকৰি “বেপাৰী/বিক্ৰেতা” আৰু “আপোনাৰ/ক্ৰেতাৰ” লগত নিজৰ থকা ঠাইতে যোগাযোগ কৰা ।

৫) চলিত বজাৰৰ ওপৰত সঠিক দামত, গুণসম্পন্ন খাদ্য দ্ৰব্য আদি নিৰ্ধাৰিত ঠিকনা অনুসৰি বস্তু যোগানত আমি দায়ৱদ্ধ ।

৬) বস্তুৰ গুণাগুণৰ, দামৰ বাবে ‘বেপাৰী’ (Merchant) দায়ৱদ্ধ ।

৭) ঠিকনা ভুল বা ফোন নধৰিলে, ডেলিভাৰী পলম হ’লে আমি দায়ৱদ্ধ নহয় ।

৮) ‘আপুনি’ আমাৰ এপ ডাউনলোড কৰি বা ৱেৱছাইটত পঞ্জীয়ন কৰা পিছত আমাৰ নিয়মীয়া গ্ৰাহক হ’ব ।

৯) এটা ফোনৰ নম্বৰ বা ই-মেইলেৰে এবাৰহে পঞ্জীয়ন হ’ব ।

১০) অৰ্ডাৰ বাতিল কৰিলে নিয়মানুসৰি অতিৰিক্ত চাৰ্জ থাকিব । অৱশ্য যি কোনো অৰ্ডাৰ বাতিল কৰাৰ বাবে অৰ্ডাৰৰ Processing Stage তে আৰু ৩০মিনিট সময়ৰ ভিতৰত কৰিব লাগিব।

১১) নগদ বা অনান্য অনলাইন প্ৰক্ৰিয়াৰে ভাৰতীয় টকা লোৱাৰ ব্যৱস্থা থাকিব ।

১২) সামগ্ৰী মজুদ থকাৰ ওপৰত আপুনি পচন্দ কৰাৰ সুবিধা থাকিব ।

১৩) আমি তৃতীয় পক্ষৰ(Third Party) ওচৰত দায়ৱদ্ধ নহয় ।

১৪) সময়ে সময়ে নীতি নিয়ম সলনি কৰিলে গ্ৰাহকক আপডেট দিয়া হব ।

১৫) এবাৰ অৰ্ডাৰ দিয়াৰ লগে লগে ফোনেৰে যোগাযোগ কৰি আপোনাৰ কনফাৰমেচন লৈ অৰ্ডাৰ কনফাৰ্ম কৰা হ’ব আৰু কনফাৰ্ম হোৱা অৰ্ডাৰ বাতিল নহ’ব ।

১৬) গ্ৰাহকে নিৰ্বাচন কৰা Pick Up pointৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰিব লাগিব ।

১৭) এই এপ কোনোৱে আপডেট, সলনি কৰাৰ লগতে বেয়া মন্তব্য দিব নোৱাৰিব ।

১৮) আইনৰ প্ৰক্ৰিয়া উদ্ভৱ হলে স্থানীয় আদালত Dhakuakhana, লখিমপুৰত মীমাংসা কৰা হ’ব।

১৯) ছাগলী মাংসৰ বাবে PICK UP POINT ঘিলামৰা দৈনিক বজাৰ আৰু কুকুৰাৰ বাবে মইনাপৰা বা ঘিলামৰা প্ৰিণ্টিং হাউচ চয়ন কৰিব।

২০) কাপোৰ,মৌজোল আৰু কেকৰ বাবে PICK UP POINT ত্ৰিবেণীপাৰা,ঘিলামৰা চয়ন কৰিব।

২১) আগতীয়া ফৰমাইচ বা অৰ্ডাৰমতে ডেলিভাৰী দিয়াৰো ব্যৱস্থা আছে।

২২) ছাগলী মাংসৰ Same Day Delivery ৰ বাবে পুৱা ১০ বজাৰ পাছত অৰ্ডাৰ গ্ৰহণ কৰা নহ’ব।

২৩) ছাগলী মাংসৰ ক্ষেত্ৰত আবেলি ৩ বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত ডেলিভাৰী গ্ৰহণ কৰিব লাগিব।

২৪)কাপোৰৰ ক্ষেত্ৰত অৰ্ডাৰ দিয়াৰ ১০-১২ দিন আৰু কেকৰ ক্ষেত্ৰত ৩ দিনৰ পিছত ডেলিভাৰী দিব পৰা হ’ব।

২৫) একেটা অৰ্ডাৰতে কেক, মাংস আৰু কাপোৰ অন্তৰ্ভুক্ত হ’লে ডেলিভাৰীৰ তাৰিখ সৰ্বোচ্চ অৰ্থাৎ কাপোৰৰ ডেলিভাৰীৰ বাবে লগা সময় প্ৰযোজ্য হ’ব। সেইবাবে তিনিওটা সামগ্ৰী একেটা অৰ্ডাৰৰ জৰিয়তে নকৰি তিনিটা বেলেগ অৰ্ডাৰত কৰিলে সুবিধা হ’ব।

২৬) কেছ অন ডেলিভাৰীৰ ক্ষেত্ৰত অৰ্ডাৰ দিও নিৰ্দিষ্ট সময়ৰ ভিতৰত অৰ্ডাৰ বাতিল নকৰিলে তথা সামগ্ৰীৰ ডেলিভাৰী নল’লে তেনে গ্ৰাহকৰ পৰা ভৱিষ্যতে অৰ্ডাৰ গ্ৰহণ কৰা নহ’ব।

২৭) ৱেবছাইট বা ম’বাইল এপত অৰ্ডাৰ দিওঁতে কিবা অসুবিধা হ’লে আমাৰ লগত পোনপতীয়াকৈ যোগাযোগ কৰিব পৰিব।

২৮) ভুলবশতঃ/ অসুবিধাবশতঃ কৰা অৰ্ডাৰ বাতিল কৰিব বিচাৰিলে অৰ্ডাৰৰ Processing Stage তে কৰিব লাগিব। এবাৰ অৰ্ডাৰ Confirmed হোৱাৰ পিছত বাতিল কৰিব পৰা নাযাব।